Posts

প্ৰতি , এদিন ... আকাশেদি উৰি গৈছিল দুটি ক'লা চৰাই 🦅🦅

Image
প্ৰতি , এদিন ... . . সিদিনা গছৰ শিপাৰ দৰেই দাগ হৈ মঙহৰ ছালবোৰত তেজবোৰে টোপাল গুঠিছিল। শিমলু ফুলৰ দৰেই বালিত সৰিছিল তেজৰ জোলাবোৰ । কোনো নাছিল । সৰাপাতক শেষ কৰি তৰাং হৈছিল ফাগুনৰ তেজৰঙা ডাল আকাশেদি উৰি গৈছিল দুটি ক'লা চৰাই নৰাণিৰ পৰা উৰি আহিছিল ক'লা ছাই ধূনাৰ গোন্ধই নামঘৰৰ হৰিনামক সুগন্ধি কৰিছিল . . . বিষণ্ণ এসন্ধ্যাৰ চৌপাশ . . ভাবিছিলোঁ‌ কলীয়া স্মৃতিত ছাই যিবোৰ - এইবোৰ-সেইবোৰ বিষাদৰ কথা ... -অনুপ অসমীয়া

জলাশয়ৰ গান

Image
জলাশয়ৰ গান বিৰামবিহীন ভাবে বগলীৰ এজাক উৰিছে বগলীৰ এজাক ... এজাক উন্মাদনাৰ স্পৃহাত ঢালি গৈছে আকাশ-পৃথিৱীৰ সেউজীয়া বগলীৰ এজাক ... হৃদয়খনকো যেন ভাঙি-ছিঙি সপোন কৰি সিঁ‌চি গৈছে সিহঁতে ৰঙা ৰঙা ফুল ৰঙা ৰঙা ফুল বগলীৰ জাক জাক বকবকাই বকবকাই ভয় অলপ সানি কঁ‌পি কঁ‌পাই উৰুৱাইছে ৰুদ্ধদ্বাৰ শূন্যতাক বগলীৰ জাক ভয়বোৰ উৰি উৰি নদীৰ কাষ পাইছে কিম্বা জলাহত আঁ‌কিছে ৰসায়ন পৃষ্ঠা বিষ্ঠা সিহঁতলৈ শিমলুৱে ৰহ লাগি চাইছে ৰঙা ৰঙা শিমলু ফুল ৰহ লাগি চাইছে ফাগুনৰ জুইকুৰাই জুৰ মন শিতলাইছে বগলীবোৰ উৰি গৈছে নদীয়ে বালিয়ে পৰি গাইছে ৰিক্ত গান কবিতাৰ পাঠত কঁ‌পি উঠে কিয় তাজমহল ? পানীত কলপ কলপ মেটেকাৰ কলৰৱ তাতো ৰহ লাগি চাইছে এখন পৃথিৱীৰ বিষণ্ণতাক দৰিদ্ৰতা স্মৃতিবোৰ ৰিতু হোৱাৰ অলেক দস্তাবেজ বগলীৰ এজাক উৰি গৈছে বুকুৱে বুকুৱে কৈ গৈছে জলাসয়ৰ গান বগলীৰ জাক ... -অনুপ অসমীয়া

ঐতিহ্যমণ্ডিত পখিয়াঝাৰৰ পহুখোৱা দলনি গৰখীয়া থান।

Image
ঐতিহ্যমণ্ডিত পখিয়াঝাৰৰ পহুখোৱা দলনি গৰখীয়া থান। এই পখিয়াঝাৰৰ গৰখীয়া দলনিতে আয়োজন চলি আছে সপ্তম বাৰ্ষিক গৰখীয়া সভাখনৰ এটি শুভ মুহূৰ্ত। শ্ৰী শ্ৰী গৰখীয়া থান। বিচিত্ৰ মহামিলনৰ সংগম শ্ৰী শ্ৰী গৰখীয়া থান পহুখোৱা দলনি। তেজপুৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মিলনপুৰ ডিপোটা আৰু পখিয়াঝাৰৰ মধ্যস্থলৰ পহুখোৱা দলনিৰ এইখন শ্ৰী শ্ৰী গৰখীয়া থান। এই গৰখীয়া থানৰ মনিকূটত স্থিত হৈছে ভগৱান শ্ৰীকৃষ্ণ। প্ৰকৃতিত স্বেচ্ছাই আবিভাৰ্ৱ হোৱা ভগৱান কৃষ্ণ গৰখীয়াৰ পথাৰত অবিনশ্বৰ। শ্ৰী শ্ৰী গৰখীয়া গোসাঁই গৰখীয়া সকলৰ শিৰোমণি । প্ৰকৃতিৰ বিচিত্ৰ ভূমি পথাৰ যাৰ বুকুত সোণফলা আঘোণৰ কামনাৰে যুগ যুগান্তৰ যুজিত হৈ অহা গৰখীয়া সকল। যিসকলে পথাৰত দেৱতা হৈ বিচৰণ কৰিছে। সাংস্কৃতিক চহৰ তেজপুৰত এইখনো অন্যখন গৰখীয়াৰ পথাৰ । ইয়াৰ ৰূপ তৃষাই মুক্ত পৰিভ্ৰমীক বিচৰণ দি আহিছে। গৰখীয়াই জুৰ লৈ অঞ্চল অঞ্চল বিদিক ৰিঙিয়াই চাব পৰাকৈ পৰিৱেস্থিত হৈ আছে পহুখোৱা দলনি গৰখীয়া থান। মাঘী পূৰ্ণিমা তিথিত শ্ৰী শ্ৰী থানত আয়োজন কৰিছে সপ্তম বাৰ্ষিক গৰখীয়া সভাখন । শুভ কৰ্মভাগত গৰখীয়া প্ৰাণ ভক্ত সেৱকৰ উপস্থিতি শ্ৰী শ্ৰী গৰখীয়া থান পৰিচালনা থান সমিতিয়ে আন্তৰিকতাৰে কাম

জীয়া শিলে খেলা বামুণীপাহাৰ

Image
জীয়া শিলে খেলা বামুণীপাহাৰ সাংস্কৃতিক চহৰ তেজপুৰৰ অন্যতম পৰ্যটনৰ প্ৰাণ কেন্দ্ৰ। য'ত লুইতৰ ৰহণীয়া আবেলিয়ে জুৰ পাতি লৈ আহে এজাক অকলশৰীয়া শান্তিৰ চৰাই । চাবচোন ভিডিঅটো। ভাল লাগিলে সংৰক্ষিত কৰিব 🌷🙏🏻

অচিনাকি হোৱাৰ আগতে

Image
অচিনাকি হোৱাৰ আগতে Let me too count the ways অচিনাকি হোৱাৰ আগতে যদি মই লেখ লও অচিনাকি হোৱাৰ আগতে Let me too count the ways অচিনাকি হোৱাৰ আগতে যদি মই লেখ লও লাহে লাহে তোমাক চাবলৈ উত্তাৱল হৈ পৰা মুহূৰ্তবোৰ সময় অচিনাকি হোৱাৰ আগতে চাই আছিলোঁ‌ তুমি চাই থকা বোৰ প্ৰতিদিনৰ মৌন প্ৰয়োজনত তোমাৰ পৰা আমি হৈ চকুত টগবগাই ফুলা চকুবোৰ ভয়াৰ্ত লাজবোৰ চাইছিলোঁ অচিনাকি হোৱাৰ আগতে অচিনাকি হোৱাৰ আগতে উৰুঙা ফাগুনত চুই চাইছিলোঁ কৰঙন উৰুত গজিব ধৰা সোনাৰুফুল অচিনাকি হোৱাৰ আগতে বুজি উঠিছিলোঁ তোমাৰ বুকুত ৰিঙোৱা মাতাল শূন্যতা গাভৰু গালত স্পৰ্শকাতৰ কাঁ‌চিজোন ৰঙা ... অচিনাকি হোৱাৰ আগতে আপোন হৈছিলোঁ জন্ম জন্মান্তৰৰ অভিন্ন কৃষ্ণ-ৰাধা বুলি আৰু বিচ্ছেদ হৈছিলোঁ অচিনাকি হোৱাৰ আগতে লগ হৈছিলোঁ উশাহবোৰ এক কৰাৰ ফন্দি পাতিছিলো বাটে-ঘাটে নদীয়ে-ঘাটে আকাশে-বতাহে স্বপ্ন আঁ‌কিছিলো অচিনাকি হোৱাৰ আগতে বৈ গৈছিল মৌপিয়া দেশেৰে এখনি ৰঙা নৈ বিচ্ছেদত ভাঙিছিল স্কাইলাৰ্কৰ বালিঘৰবোৰ তাচপাতত ডাণ্টেৰ কমেদী অচিনাকি হোৱাৰ আগতে সঁ‌চাবোৰ মিছা মিছাবোৰ সঁ‌চা তাজমহলত বগা আৰু গণি গৈ

অলিখিত আন্তৰিক চুক্তি- অনুপ অসমীয়া

Image
কবিতাৰ অলিখিত আন্তৰিকতা                 : প্ৰেম " ফাগুন ফাগুন সুগন্ধি এজাকে উন্মনা কৰিছে। সৰাপাতৰ শব্দই জগাইছে খবৰৰ উৰুঙাবোৰ । নিজান গছৰ লঠঙা ডালৰ ফাঁ‌কেদি নামি আহিছে শীত। হয়তো , পাতে-পাতে হাবি-বননিয়ে আঁ‌কিব তেজ ৰঙা জুই ! বৰদৈচিলা আহিব বাবেই চাগে মদাৰো ফুলিছে ! ছন্দহীন আবেগ যাঁ‌চি কবিয়ে গুঠিছে মালিতা । আহ! কিযে উন্মীলন বসুমতীৰ নৈখন ! আজি বহু কথাই মনত পৰিছে। " প্ৰিয় ফাগুন মোৰ । মোৰ অলিখিত আন্তৰিকতা ... সেয়েহে , আজিও লুতিয়াই থাকোঁ‌ প্ৰেমৰ জীপাল পৃষ্ঠা 'ফাগুন' । কিজানিবা বিচাৰি পাও স্মৃতিৰ বতৰা ! আউলি-বাউলি বতাহে প্ৰণয়-মনক আকলুৱা কৰা এটি নিবিড় মুহূৰ্ত। এই সান্নিধ্যইটো এখন্তেক সকলো পুৰুষ-মহিলাকো কৰিছে পূৰ্ণ যৌৱনা।  প্ৰেম ! যাৰ নিভাঁজ আবেগত পোখা মেলে প্ৰিয়জনৰ মানৱিক অনুভৱ । একমাত্ৰ প্ৰিয়জনৰ অব্যক্ত আবেগেইটো জীপাল কৰে প্ৰেমৰ কবিতা । বিমল মুহূৰ্তই হৃদয়-নন্দনত সাঁ‌চি যায় সাংস্কৃতিক বিনিময় 'ভালপোৱা' ৷ তথাপি কবিতাই প্ৰিয়জনক ভাল পোৱাটো বুজাই জানো ! প্ৰেমটো সত্য চৰ্তৰ পৰা চৰ্তহীনলৈ। প্ৰেম যে যুগান্তৰ , ঐশ্বৰ্য প্ৰতিদানৰ বিশিষ্ট মনোভাবৰ ...  এদিন,  এলিজাবেথৰ কবিতাত মুগ্ধ

নানাবিধ * ---------------

Image
নানাবিধ * --------------- আজি তোৰ আৰু মোৰ গৰু চৰোৱাৰ পাল ন তোৰ-মোৰ গৰু চৰোৱাৰ পাল দেই আজি . . তই হ'লি ছোৱালী আৰু মই হেনো গৰখীয়া , বনৰীয়া , বাৰু , তোক গৰু চৰাবলৈ কোনে পঠিয়াই হে , ভালেই কৰে দে তোক পালে মোক আৰু একোৱেই নালাগে। . . কিন্তু তই মোৰ দুখ ক'ত বুজিবি নুবুজ , কিয় ফুৰ 'বাখৰ'ৰ লগত তই হে মোৰ যে বহুত মন বেয়া লাগে , অ তাত কাৰণ থাকক বা নাথাকক তই তেনেকৈ, নুফুৰিবি ... তোৰ হাত স্পৰ্শ কৰি তোৰ চকু চাই মোৰ বহুত ভাল লাগে , তই বুজিছনে মই বাঁ‌হী বজালে তই গান গালে* সুখ বোৰ বাঢ়ে ... প্ৰকৃতি প্ৰসন্ন উন্মাদ আৰু ফাগুনৰ দৰে জীয়া হৈ নাচে, জীঞা সেই যে ৰঙা জীঞা বোৰ সেইবোৰ উৰে ! কাচিয়লী ৰ'দ হালে কাচিয়লী , নৈৰ বুকুত পৰ্বতীয়া চৰাইবোৰে সুললিত সুৰ লৈ নাচে মাতে দীগন্ত প্ৰসাৰি ... তই-মই যেন নিজৰা হৈ জি- জিৰাও বলীয়া হৈ যাও অহ! মই দেৱঘন্টা শব্দ হৈ আদৰণি জনাও টিং টিং ৰিং ৰিং শব্দ কৰি স্বৰ্গীয় মাধুৰী ঢালোঁ‌ চিক চিক চিক চিক্ চিক । /অনুপ অসমীয়া