Posts

Showing posts from January, 2022

অলিখিত আন্তৰিক চুক্তি- অনুপ অসমীয়া

Image
কবিতাৰ অলিখিত আন্তৰিকতা                 : প্ৰেম " ফাগুন ফাগুন সুগন্ধি এজাকে উন্মনা কৰিছে। সৰাপাতৰ শব্দই জগাইছে খবৰৰ উৰুঙাবোৰ । নিজান গছৰ লঠঙা ডালৰ ফাঁ‌কেদি নামি আহিছে শীত। হয়তো , পাতে-পাতে হাবি-বননিয়ে আঁ‌কিব তেজ ৰঙা জুই ! বৰদৈচিলা আহিব বাবেই চাগে মদাৰো ফুলিছে ! ছন্দহীন আবেগ যাঁ‌চি কবিয়ে গুঠিছে মালিতা । আহ! কিযে উন্মীলন বসুমতীৰ নৈখন ! আজি বহু কথাই মনত পৰিছে। " প্ৰিয় ফাগুন মোৰ । মোৰ অলিখিত আন্তৰিকতা ... সেয়েহে , আজিও লুতিয়াই থাকোঁ‌ প্ৰেমৰ জীপাল পৃষ্ঠা 'ফাগুন' । কিজানিবা বিচাৰি পাও স্মৃতিৰ বতৰা ! আউলি-বাউলি বতাহে প্ৰণয়-মনক আকলুৱা কৰা এটি নিবিড় মুহূৰ্ত। এই সান্নিধ্যইটো এখন্তেক সকলো পুৰুষ-মহিলাকো কৰিছে পূৰ্ণ যৌৱনা।  প্ৰেম ! যাৰ নিভাঁজ আবেগত পোখা মেলে প্ৰিয়জনৰ মানৱিক অনুভৱ । একমাত্ৰ প্ৰিয়জনৰ অব্যক্ত আবেগেইটো জীপাল কৰে প্ৰেমৰ কবিতা । বিমল মুহূৰ্তই হৃদয়-নন্দনত সাঁ‌চি যায় সাংস্কৃতিক বিনিময় 'ভালপোৱা' ৷ তথাপি কবিতাই প্ৰিয়জনক ভাল পোৱাটো বুজাই জানো ! প্ৰেমটো সত্য চৰ্তৰ পৰা চৰ্তহীনলৈ। প্ৰেম যে যুগান্তৰ , ঐশ্বৰ্য প্ৰতিদানৰ বিশিষ্ট মনোভাবৰ ...  এদিন,...

নানাবিধ * ---------------

Image
নানাবিধ * --------------- আজি তোৰ আৰু মোৰ গৰু চৰোৱাৰ পাল ন তোৰ-মোৰ গৰু চৰোৱাৰ পাল দেই আজি . . তই হ'লি ছোৱালী আৰু মই হেনো গৰখীয়া , বনৰীয়া , বাৰু , তোক গৰু চৰাবলৈ কোনে পঠিয়াই হে , ভালেই কৰে দে তোক পালে মোক আৰু একোৱেই নালাগে। . . কিন্তু তই মোৰ দুখ ক'ত বুজিবি নুবুজ , কিয় ফুৰ 'বাখৰ'ৰ লগত তই হে মোৰ যে বহুত মন বেয়া লাগে , অ তাত কাৰণ থাকক বা নাথাকক তই তেনেকৈ, নুফুৰিবি ... তোৰ হাত স্পৰ্শ কৰি তোৰ চকু চাই মোৰ বহুত ভাল লাগে , তই বুজিছনে মই বাঁ‌হী বজালে তই গান গালে* সুখ বোৰ বাঢ়ে ... প্ৰকৃতি প্ৰসন্ন উন্মাদ আৰু ফাগুনৰ দৰে জীয়া হৈ নাচে, জীঞা সেই যে ৰঙা জীঞা বোৰ সেইবোৰ উৰে ! কাচিয়লী ৰ'দ হালে কাচিয়লী , নৈৰ বুকুত পৰ্বতীয়া চৰাইবোৰে সুললিত সুৰ লৈ নাচে মাতে দীগন্ত প্ৰসাৰি ... তই-মই যেন নিজৰা হৈ জি- জিৰাও বলীয়া হৈ যাও অহ! মই দেৱঘন্টা শব্দ হৈ আদৰণি জনাও টিং টিং ৰিং ৰিং শব্দ কৰি স্বৰ্গীয় মাধুৰী ঢালোঁ‌ চিক চিক চিক চিক্ চিক । /অনুপ অসমীয়া

সময়

Image
 অনুপ অসমীয়া ক্ৰমশঃ  সময় বোৰ গলিছে .. শেষ হৈছে  বেলিঘড়ীৰ ৰ'দ .. জোনাকৰ পখীবোৰ উৰিছে হীৰুদাৰ আকাশত সৰিছে বকুল মাটিৰ কবিতাত .. এতিয়া বিনাইছে সময়বোৰে  আশৈশৱী অন্তৰঙ্গত ওঁ‌ঠৰ শুকানত  সৰা পাতৰ দৰে .. !!