অলিখিত আন্তৰিক চুক্তি- অনুপ অসমীয়া

কবিতাৰ অলিখিত আন্তৰিকতা

                : প্ৰেম


" ফাগুন ফাগুন সুগন্ধি এজাকে উন্মনা কৰিছে। সৰাপাতৰ শব্দই জগাইছে খবৰৰ উৰুঙাবোৰ । নিজান গছৰ লঠঙা ডালৰ ফাঁ‌কেদি নামি আহিছে শীত। হয়তো , পাতে-পাতে হাবি-বননিয়ে আঁ‌কিব তেজ ৰঙা জুই ! বৰদৈচিলা আহিব বাবেই চাগে মদাৰো ফুলিছে ! ছন্দহীন আবেগ যাঁ‌চি কবিয়ে গুঠিছে মালিতা । আহ! কিযে উন্মীলন বসুমতীৰ নৈখন ! আজি বহু কথাই মনত পৰিছে। " প্ৰিয় ফাগুন মোৰ । মোৰ অলিখিত আন্তৰিকতা ...


সেয়েহে , আজিও লুতিয়াই থাকোঁ‌ প্ৰেমৰ জীপাল পৃষ্ঠা 'ফাগুন' । কিজানিবা বিচাৰি পাও স্মৃতিৰ বতৰা ! আউলি-বাউলি বতাহে প্ৰণয়-মনক আকলুৱা কৰা এটি নিবিড় মুহূৰ্ত। এই সান্নিধ্যইটো এখন্তেক সকলো পুৰুষ-মহিলাকো কৰিছে পূৰ্ণ যৌৱনা। 


প্ৰেম ! যাৰ নিভাঁজ আবেগত পোখা মেলে প্ৰিয়জনৰ মানৱিক অনুভৱ । একমাত্ৰ প্ৰিয়জনৰ অব্যক্ত আবেগেইটো জীপাল কৰে প্ৰেমৰ কবিতা । বিমল মুহূৰ্তই হৃদয়-নন্দনত সাঁ‌চি যায় সাংস্কৃতিক বিনিময় 'ভালপোৱা' ৷ তথাপি কবিতাই প্ৰিয়জনক ভাল পোৱাটো বুজাই জানো ! প্ৰেমটো সত্য চৰ্তৰ পৰা চৰ্তহীনলৈ। প্ৰেম যে যুগান্তৰ , ঐশ্বৰ্য প্ৰতিদানৰ বিশিষ্ট মনোভাবৰ ... 


এদিন,  এলিজাবেথৰ কবিতাত মুগ্ধ হৈ ব্ৰাউনিঙে লিখিছে  " I love your verse with all my heart , Dear Miss Barret and I love you too ... ! হয়, প্ৰেম স্বৰ্গীয় বাবেই কবিয়ে মৰণৰ পিছতো অধিক ভাল পাই যোৱাৰ প্ৰতিশ্ৰুতি দিছে। কবিৰ বাবে হাঁ‌হি , কান্দোন, শ্বাস-বিশ্বাসত ঈশ্বৰৰ যি প্ৰশংসা প্ৰেয়সীৰ প্ৰেমে তাকো উপেক্ষা কৰিছে। দৌৰি ভটিয়াই প্ৰাণান্তক সুষমা ঢালি ভাল পাব খুজিছে প্ৰেয়সীক। যিদৰে মানুহে ভাল পাই স্বাধীনতাক। 


-অনুপ অসমীয়া 

 ৯৭০৬৮৬৪২০৯


Comments

Popular posts from this blog

জলাশয়ৰ গান

অচিনাকি হোৱাৰ আগতে

সময়