সময়

 অনুপ অসমীয়া

ক্ৰমশঃ 

সময় বোৰ গলিছে ..

শেষ হৈছে 

বেলিঘড়ীৰ ৰ'দ ..


জোনাকৰ পখীবোৰ উৰিছে

হীৰুদাৰ আকাশত

সৰিছে বকুল

মাটিৰ কবিতাত ..


এতিয়া বিনাইছে সময়বোৰে 

আশৈশৱী অন্তৰঙ্গত

ওঁ‌ঠৰ শুকানত 

সৰা পাতৰ দৰে .. !!



Comments

  1. https://www.facebook.com/100007166550850/posts/3096533297262192/?flite=scwspnss

    নানাবিধ *
    ---------------
    আবৃত্তি- নিয়ৰ শইকীয়া

    আজি তোৰ আৰু মোৰ গৰু চৰোৱাৰ পাল ন
    তোৰ-মোৰ গৰু চৰোৱাৰ পাল দেই আজি
    . .
    তই হ'লি ছোৱালী
    আৰু মই হেনো গৰখীয়া ,
    বনৰীয়া ,

    বাৰু , তোক গৰু চৰাবলৈ কোনে পঠিয়াই হে ,
    ভালেই কৰে দে
    তোক পালে মোক আৰু একোৱেই নালাগে।
    . .
    কিন্তু তই মোৰ দুখ ক'ত বুজিবি
    নুবুজ ,
    কিয় ফুৰ
    'বাখৰ'ৰ লগত তই হে
    মোৰ যে বহুত মন বেয়া লাগে , অ
    তাত কাৰণ থাকক বা নাথাকক
    তই তেনেকৈ, নুফুৰিবি ...

    তোৰ হাত স্পৰ্শ কৰি তোৰ চকু চাই মোৰ বহুত ভাল লাগে ,
    তই বুজিছনে
    মই বাঁ‌হী বজালে তই গান গালে*
    সুখ বোৰ বাঢ়ে ...

    প্ৰকৃতি প্ৰসন্ন উন্মাদ আৰু ফাগুনৰ দৰে জীয়া হৈ নাচে,
    জীঞা
    সেই যে ৰঙা জীঞা বোৰ
    সেইবোৰ উৰে !

    কাচিয়লী ৰ'দ হালে
    কাচিয়লী , নৈৰ বুকুত

    পৰ্বতীয়া চৰাইবোৰে সুললিত সুৰ লৈ নাচে
    মাতে
    দীগন্ত প্ৰসাৰি ...

    তই-মই যেন নিজৰা হৈ
    জি- জিৰাও
    বলীয়া হৈ যাও
    অহ! মই দেৱঘন্টা শব্দ হৈ আদৰণি জনাও
    টিং টিং ৰিং ৰিং
    শব্দ কৰি স্বৰ্গীয় মাধুৰী ঢালোঁ‌
    চিক চিক চিক চিক্ চিক ।

    /https://youtu.be/db716KvSIII ☘️

    ReplyDelete

Post a Comment

Popular posts from this blog

জলাশয়ৰ গান

অচিনাকি হোৱাৰ আগতে