অচিনাকি হোৱাৰ আগতে

অচিনাকি হোৱাৰ আগতে Let me too count the ways অচিনাকি হোৱাৰ আগতে যদি মই লেখ লও অচিনাকি হোৱাৰ আগতে Let me too count the ways অচিনাকি হোৱাৰ আগতে যদি মই লেখ লও লাহে লাহে তোমাক চাবলৈ উত্তাৱল হৈ পৰা মুহূৰ্তবোৰ সময় অচিনাকি হোৱাৰ আগতে চাই আছিলোঁ‌ তুমি চাই থকা বোৰ প্ৰতিদিনৰ মৌন প্ৰয়োজনত তোমাৰ পৰা আমি হৈ চকুত টগবগাই ফুলা চকুবোৰ ভয়াৰ্ত লাজবোৰ চাইছিলোঁ অচিনাকি হোৱাৰ আগতে অচিনাকি হোৱাৰ আগতে উৰুঙা ফাগুনত চুই চাইছিলোঁ কৰঙন উৰুত গজিব ধৰা সোনাৰুফুল অচিনাকি হোৱাৰ আগতে বুজি উঠিছিলোঁ তোমাৰ বুকুত ৰিঙোৱা মাতাল শূন্যতা গাভৰু গালত স্পৰ্শকাতৰ কাঁ‌চিজোন ৰঙা ... অচিনাকি হোৱাৰ আগতে আপোন হৈছিলোঁ জন্ম জন্মান্তৰৰ অভিন্ন কৃষ্ণ-ৰাধা বুলি আৰু বিচ্ছেদ হৈছিলোঁ অচিনাকি হোৱাৰ আগতে লগ হৈছিলোঁ উশাহবোৰ এক কৰাৰ ফন্দি পাতিছিলো বাটে-ঘাটে নদীয়ে-ঘাটে আকাশে-বতাহে স্বপ্ন আঁ‌কিছিলো অচিনাকি হোৱাৰ আগতে বৈ গৈছিল মৌপিয়া দেশেৰে এখনি ৰঙা নৈ বিচ্ছেদত ভাঙিছিল স্কাইলাৰ্কৰ বালিঘৰবোৰ তাচপাতত ডাণ্টেৰ কমেদী অচিনাকি হোৱাৰ আগতে সঁ‌চাবোৰ মিছা মিছাবোৰ সঁ‌চা তাজমহলত বগা আৰু গণি গৈছিলোঁ‌ চৰ্তৰ খেলবোৰ অচিনাকি হোৱাৰ আগতে আশৈশৱ বিশ্বাসৰ পাতত কাটি টুকুৰা টুকুৰ কৰিছিলোঁ‌ দুখবোধ-অনুভূতি-প্ৰশংসা আৰু উপেক্ষা অচিনাকি হোৱাৰ আগতে উন্মুক্ত ভাবে ভাল পাইছিলোঁ দেহজ আত্মাই চুমিব পৰাকৈ লিখিছিলোঁ বিষাদ ছন্দ ... অচিনাকি হোৱাৰ আগতে গছত লাগি আমি গছ ক'লা আকাশত চকুৰ জোন হৈছিলোঁ থাপনাত প্ৰাৰ্থনা ৰাতিৰ সপোন মাতাল ৰাতিত দ্বন্দ দুপৰীয়াৰ সান্ত্বনা হৈছিলোঁ অচিনাকি হোৱাৰ আগতে মান-অভিমান আৰু ঘৃণাৰ নানাৰঙী পৃষ্ঠাই নস্যাৎ কৰিছিলোঁ মিলনৰ ৰাষ্ট্ৰীয়নীতি পুৰি পেলাইছিলো চুক্তিৰ দাগ তথাপি অচিনাকি হোৱাৰ পিছত সুখেৰে থাকিব পাৰিছো জানো ? ছায়া হৈ দিহিঙে দিপাঙে অচিনাকি চৰাই হৈ ঘূৰিছো অচিনাকি ষ্ট'পেজটোত -অনুপ অসমীয়া


 

Comments