জলাশয়ৰ গান
জলাশয়ৰ গান বিৰামবিহীন ভাবে বগলীৰ এজাক উৰিছে বগলীৰ এজাক ... এজাক উন্মাদনাৰ স্পৃহাত ঢালি গৈছে আকাশ-পৃথিৱীৰ সেউজীয়া বগলীৰ এজাক ... হৃদয়খনকো যেন ভাঙি-ছিঙি সপোন কৰি সিঁচি গৈছে সিহঁতে ৰঙা ৰঙা ফুল ৰঙা ৰঙা ফুল বগলীৰ জাক জাক বকবকাই বকবকাই ভয় অলপ সানি কঁপি কঁপাই উৰুৱাইছে ৰুদ্ধদ্বাৰ শূন্যতাক বগলীৰ জাক ভয়বোৰ উৰি উৰি নদীৰ কাষ পাইছে কিম্বা জলাহত আঁকিছে ৰসায়ন পৃষ্ঠা বিষ্ঠা সিহঁতলৈ শিমলুৱে ৰহ লাগি চাইছে ৰঙা ৰঙা শিমলু ফুল ৰহ লাগি চাইছে ফাগুনৰ জুইকুৰাই জুৰ মন শিতলাইছে বগলীবোৰ উৰি গৈছে নদীয়ে বালিয়ে পৰি গাইছে ৰিক্ত গান কবিতাৰ পাঠত কঁপি উঠে কিয় তাজমহল ? পানীত কলপ কলপ মেটেকাৰ কলৰৱ তাতো ৰহ লাগি চাইছে এখন পৃথিৱীৰ বিষণ্ণতাক দৰিদ্ৰতা স্মৃতিবোৰ ৰিতু হোৱাৰ অলেক দস্তাবেজ বগলীৰ এজাক উৰি গৈছে বুকুৱে বুকুৱে কৈ গৈছে জলাসয়ৰ গান বগলীৰ জাক ... -অনুপ অসমীয়া
Comments
Post a Comment