নানাবিধ * ---------------
নানাবিধ *
---------------
আজি তোৰ আৰু মোৰ গৰু চৰোৱাৰ পাল ন
তোৰ-মোৰ গৰু চৰোৱাৰ পাল দেই আজি
. .
তই হ'লি ছোৱালী
আৰু মই হেনো গৰখীয়া ,
বনৰীয়া ,
বাৰু , তোক গৰু চৰাবলৈ কোনে পঠিয়াই হে ,
ভালেই কৰে দে
তোক পালে মোক আৰু একোৱেই নালাগে।
. .
কিন্তু তই মোৰ দুখ ক'ত বুজিবি
নুবুজ ,
কিয় ফুৰ
'বাখৰ'ৰ লগত তই হে
মোৰ যে বহুত মন বেয়া লাগে , অ
তাত কাৰণ থাকক বা নাথাকক
তই তেনেকৈ, নুফুৰিবি ...
তোৰ হাত স্পৰ্শ কৰি তোৰ চকু চাই মোৰ বহুত ভাল লাগে ,
তই বুজিছনে
মই বাঁহী বজালে তই গান গালে*
সুখ বোৰ বাঢ়ে ...
প্ৰকৃতি প্ৰসন্ন উন্মাদ আৰু ফাগুনৰ দৰে জীয়া হৈ নাচে,
জীঞা
সেই যে ৰঙা জীঞা বোৰ
সেইবোৰ উৰে !
কাচিয়লী ৰ'দ হালে
কাচিয়লী , নৈৰ বুকুত
পৰ্বতীয়া চৰাইবোৰে সুললিত সুৰ লৈ নাচে
মাতে
দীগন্ত প্ৰসাৰি ...
তই-মই যেন নিজৰা হৈ
জি- জিৰাও
বলীয়া হৈ যাও
অহ! মই দেৱঘন্টা শব্দ হৈ আদৰণি জনাও
টিং টিং ৰিং ৰিং
শব্দ কৰি স্বৰ্গীয় মাধুৰী ঢালোঁ
চিক চিক চিক চিক্ চিক ।
/অনুপ অসমীয়া
Comments
Post a Comment