ঐতিহ্যমণ্ডিত পখিয়াঝাৰৰ পহুখোৱা দলনি গৰখীয়া থান।
ঐতিহ্যমণ্ডিত পখিয়াঝাৰৰ পহুখোৱা দলনি গৰখীয়া থান। এই পখিয়াঝাৰৰ গৰখীয়া দলনিতে আয়োজন চলি আছে সপ্তম বাৰ্ষিক গৰখীয়া সভাখনৰ এটি শুভ মুহূৰ্ত। শ্ৰী শ্ৰী গৰখীয়া থান। বিচিত্ৰ মহামিলনৰ সংগম শ্ৰী শ্ৰী গৰখীয়া থান পহুখোৱা দলনি। তেজপুৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মিলনপুৰ ডিপোটা আৰু পখিয়াঝাৰৰ মধ্যস্থলৰ পহুখোৱা দলনিৰ এইখন শ্ৰী শ্ৰী গৰখীয়া থান। এই গৰখীয়া থানৰ মনিকূটত স্থিত হৈছে ভগৱান শ্ৰীকৃষ্ণ। প্ৰকৃতিত স্বেচ্ছাই আবিভাৰ্ৱ হোৱা ভগৱান কৃষ্ণ গৰখীয়াৰ পথাৰত অবিনশ্বৰ। শ্ৰী শ্ৰী গৰখীয়া গোসাঁই গৰখীয়া সকলৰ শিৰোমণি । প্ৰকৃতিৰ বিচিত্ৰ ভূমি পথাৰ যাৰ বুকুত সোণফলা আঘোণৰ কামনাৰে যুগ যুগান্তৰ যুজিত হৈ অহা গৰখীয়া সকল। যিসকলে পথাৰত দেৱতা হৈ বিচৰণ কৰিছে। সাংস্কৃতিক চহৰ তেজপুৰত এইখনো অন্যখন গৰখীয়াৰ পথাৰ । ইয়াৰ ৰূপ তৃষাই মুক্ত পৰিভ্ৰমীক বিচৰণ দি আহিছে। গৰখীয়াই জুৰ লৈ অঞ্চল অঞ্চল বিদিক ৰিঙিয়াই চাব পৰাকৈ পৰিৱেস্থিত হৈ আছে পহুখোৱা দলনি গৰখীয়া থান। মাঘী পূৰ্ণিমা তিথিত শ্ৰী শ্ৰী থানত আয়োজন কৰিছে সপ্তম বাৰ্ষিক গৰখীয়া সভাখন । শুভ কৰ্মভাগত গৰখীয়া প্ৰাণ ভক্ত সেৱকৰ উপস্থিতি শ্ৰী শ্ৰী গৰখীয়া থান পৰিচালনা থান সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।
Comments
Post a Comment