প্ৰতি , এদিন ... আকাশেদি উৰি গৈছিল দুটি ক'লা চৰাই 🦅🦅
প্ৰতি ,
এদিন ...
. . সিদিনা গছৰ শিপাৰ দৰেই দাগ হৈ মঙহৰ ছালবোৰত তেজবোৰে টোপাল গুঠিছিল।
শিমলু ফুলৰ দৰেই বালিত সৰিছিল তেজৰ জোলাবোৰ ।
কোনো নাছিল । সৰাপাতক শেষ কৰি তৰাং হৈছিল ফাগুনৰ তেজৰঙা ডাল
আকাশেদি উৰি গৈছিল দুটি ক'লা চৰাই
নৰাণিৰ পৰা উৰি আহিছিল ক'লা ছাই
ধূনাৰ গোন্ধই নামঘৰৰ হৰিনামক সুগন্ধি কৰিছিল
. . . বিষণ্ণ এসন্ধ্যাৰ চৌপাশ . .
ভাবিছিলোঁ কলীয়া স্মৃতিত ছাই
যিবোৰ - এইবোৰ-সেইবোৰ
বিষাদৰ কথা ...
-অনুপ অসমীয়া
Comments
Post a Comment